Daily Time Axom

শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত পতাকা উত্তোলন গোলাঘাট জিলা উপায়ুক্তৰ

21

নিউজ ডেস্ক, ১৩ আগষ্ট: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সন্মান জনাই উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত পতাকা উত্তোলন কৰে।

কুশল কোঁৱৰক ফাঁচি দিয়া যোৰহাট জিলা কাৰাগাৰৰ কয়দীসকলে সুন্দৰভাৱে নিৰ্মাণ কৰা জাতীয় পতাকাখন ১৪২ নং চি আৰ পি এফ বাহিনীৰ নেতৃত্বত সন্মানেৰে যোৰহাট কাৰাগাৰৰ পৰা কুশল কোঁৱৰৰ গৃহলৈ আনে। ইফালে কুশল কোঁৱৰৰ পৰিয়ালবৰ্গই চাকি বন্তি জ্বলাই গায়ন-বায়নেৰে পতাকাখনক ঘৰলৈ আদৰি নিয়ে।

এই কাৰ্যসূচীত গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, মহকুমা প্ৰশাসন তথা ১৪২নং চি আৰ পি এফ বাহিনী উপস্থিত থাকি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰে।

Comments are closed, but trackbacks and pingbacks are open.