Daily Time Axom

পানীৰ পাত্ৰ স্পৰ্শ কৰাৰ বাবে শিক্ষকে প্ৰহাৰ কৰি হত্যা কৰিলে ৯ বছৰীয়া দলিত ছাত্ৰক

12

নিউজ ডেস্ক,১৪ আগষ্টঃ শিক্ষকে হত্যা কৰিলে এজন ৯ বছৰীয়া ছাত্ৰক। কিন্তু ছাত্ৰজনৰ অপৰাধ কি আছিল ? তেওঁ দলিত হৈ খোৱাপানীৰ পাত্ৰটো চুইছিল। এই অপৰাধৰ বাবে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল। ৰাজস্থানৰ জালোৰ জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

ইন্দ্ৰ মেঘৱাল ৰাজস্থানৰ সুৰানা গাঁৱৰ এখন বিদ্যালয়ৰ ছাত্ৰ। স্কুলত খোৱাপানীৰ পাত্ৰ এটা চুৱাৰ অপৰাধত ২০ জুলাইত চালি সিং নামৰ এগৰাকী শিক্ষকে তেওঁক বিদ্যালয়ত মাৰপিট কৰিছিল। ইন্দ্ৰ গুৰুতৰভাৱে আহত হয়। সেই অৱস্থাত তেওঁক গুজৰাটৰ আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শনিবাৰে সেই চিকিৎসালয়তে শেষ নিশ্বাস ল’লে ইন্দ্ৰই।

ছাত্ৰজনৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক প্ৰহাৰ কৰি স্কুলতে অজ্ঞান কৰি পেলাইছিল। প্ৰথমে তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ লগে লগে তেওঁক প্ৰথমে উদয়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়, আৰু পিছত আহমেদাবাদৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইমান দিনে মৃত্যুৰ সৈতে যুঁজ দি আছিল।

ইফালে, ছাত্ৰজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকজনক। তেওঁৰ বিৰুদ্ধে হত্যা আৰু SCST আইনৰ গোচৰ ৰুজু হৈছে। এজন শিক্ষকে হত্যা কৰা দলিত ছাত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

Comments are closed, but trackbacks and pingbacks are open.