Daily Time Axom

জেকলিন মাত্ৰ ষড়যন্ত্ৰৰ বলি

0 40

জেকলিন মাত্ৰ ষড়যন্ত্ৰৰ বলি হৈছে, তেওঁৰ অধিবক্তাই দাবী কৰিছে। বুধবাৰে ইডিয়ে ২১৫ কোটি বিত্তীয় জালিয়াতিৰ গোচৰৰ চাৰ্জ শ্বীটত অভিযুক্তসকলৰ ভিতৰত জেকলিনৰ নাম উল্লেখ কৰে। পিছদিনা অভিনেত্ৰীগৰাকীৰ অধিবক্তাই কয়, ‘এই গোচৰৰ তদন্তত জেকলিনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সোধা-পোছাৰ বাবে মাতিলে প্ৰতিবাৰেই হাজিৰ হৈছিল। বিত্তীয় জালিয়াতিৰ গোচৰটোৰ তদন্তৰ উদ্দেশ্যে জেকলিনে তদন্তকাৰীসকলক সকলো ধৰণৰ তথ্য দিছিল। কিন্তু তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি মানি ল’বলৈ অনিচ্ছুক বিষয়াসকলে। জেকলিন এক বৃহৎ অপৰাধমূলক ষড়যন্ত্ৰৰ বলি হৈছে।’

২০০ কোটি বিত্তীয় জালিয়াতিৰ গোচৰৰ মূল অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জেকলিনৰ সম্পৰ্কৰ বিষয়ে ইতিমধ্যে ইডিয়ে প্ৰকাশ কৰিছিল। তদন্তৰ অন্তত ইডিৰ পৰা পোহৰলৈ আহিছিল যে ধনদাবীৰ ধনেৰে জেকলিনৰ হৃদয় জয় কৰিবলৈ হতাশ হৈ পৰিছে সুকেশ। তেওঁ জেকলিন আৰু তেওঁৰ পৰিয়ালৰ লোকক টোলাবাজীৰ পৰা ২০০ কোটি টকা উপহাৰ দিছিল। ইয়াৰে ৭.১২ কোটি টকা জেকলিনৰ নামত ফিক্সড ডিপ’জিট আৰু ১৫ লাখ টকা জেকলিনৰ হৈ সুকেশে এগৰাকী চিত্ৰনাট্যকাৰক দিছিল বুলি সূত্ৰত প্ৰকাশ পাইছে।

ইডিৰ দাবী যে সুকেশে ২০০ কোটি টকা চুৰি কৰি জেকলিনক ৫.৭১ কোটি সম্পত্তি উপহাৰ দিছিল। তদুপৰি সুকেশে জেকলিনৰ পৰিয়ালৰ বাবে ১,৭৩,০০০ ডলাৰ খৰচ কৰিছিল। সুকেশে জেকলিনক এখন দামী গাড়ী, ৯ লাখ মূল্যৰ মেকুৰী, ৫২ লাখ মূল্যৰ ঘোঁৰা, শিলৰ দামী গহনা উপহাৰ দিছিল। ইডিৰ মতে, সুকেশে এই ধন অবৈধভাৱে উপাৰ্জন কৰিছিল। গতিকে জেকলিনৰ ৭ কোটিৰ সম্পত্তি জব্দ কৰা হৈছে।

Leave A Reply

Your email address will not be published.