Daily Time Axom

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান

14

নিউজ ডেস্ক, ১৯ আগষ্টঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ বাসগৃহত চি বি আইৰ অভিযান। শুকুৰবাৰে পুৱাই CBIৰ এটা দল উপস্থিত হয় উপ মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত। দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত চলিছে এই অভিযান। দিল্লীৰ ২০টা স্থানত চি বি আইৰ দলে চলাইছে এই তালাচী অভিযান।

জানিব পৰা মতে মনীষ চিছোদিয়াৰ বিৰুদ্ধে দিল্লীৰ আবকাৰী নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগত তালাচী চলোৱা হৈছে।

তালাচীৰ পিছতে মনীষ চিছোদিয়াই টুইট এইবুলি কৰিছে, “চিবিআই আহিছে। তেওঁলোকক মই স্বাগতম জনাইছো। মই তেওঁলোকে ভবাৰ দৰে অসৎ নহওঁ। আমি লাখ লাখ শিশুৰ ভৱিষ্যতৰ বাবে কাম কৰি আছো। এয়া অতি দুৰ্ভাগ্যজনক যে যিসকলে ভাল কাম কৰে তেওঁলোকক এনেদৰে বিচলিত কৰা হয়। সেইকাৰণে আমাৰ দেশ এক নম্বৰ হ’ব নোৱাৰিলে “।

Comments are closed, but trackbacks and pingbacks are open.