Daily Time Axom

চোমালিয়াৰ হোটেল আক্ৰমণত ১০ জন নাগৰিক নিহত

0 16

চোমালিয়াৰ ৰাজধানী মোগাদিছুৰ এখন হোটেলত দুটা আত্মঘাতি গাড়ী বোমা বিস্ফোৰণ হয়, তাৰ পিছত আক্ৰমণকাৰীসকলে হোটেলখনৰ নিয়ন্ত্ৰণ লয়। আক্ৰমণটোত কমেও আঠজন লোক নিহত হৈছিল।

ঘটনাটো স্থানীয় সময় অনুসৰি শুক্ৰবাৰে (১৯ আগষ্ট) মোগাদিছুৰ হায়াত হোটেলত সংঘটিত হৈছিল। খবৰটো পোৱাৰ পিছত সুৰক্ষা বাহিনী ঘটনাস্থলীলৈ দৌৰি গৈছিল। এতিয়ালৈকে বিস্ফোৰণটোত ৯ জন লোক আহত হৈছে। তেওঁলোকৰ কিছুমানৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে । আল-কায়েদাৰ সৈতে জড়িত আল-চাবাবা গোটে আক্ৰমণৰ পিছতে এক বিবৃতিযোগে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

ঘটনাটোৰ পিছত, নিৰাপত্তা বিষয়া মহম্মদ আবদিকাদিৰে কৈছিল যে অট্টালিকাৰ ভিতৰত উগ্ৰপন্থী আৰু চোমালি বাহিনীৰ মাজত শনিবাৰে (২০ আগষ্ট) যুঁজ অব্যাহত আছিল।

“নিৰাপত্তা বাহিনীৰ সদস্যসকলে সন্ত্ৰাসবাদীসকলক প্ৰতিহত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে,” আবদিকাদিৰে কয়। তেওঁলোকক হোটেল ভৱনৰ এটা কোঠাত আগুৰি ধৰা হৈছে। বেছিভাগ লোকক তাৰ পৰা উদ্ধাৰ কৰা হৈছিল। এতিয়ালৈকে, উগ্ৰপন্থীৰ আক্ৰমণত ১০ জন সাধাৰণ লোক নিহত হৈছে। ‘

Leave A Reply

Your email address will not be published.