Daily Time Axom

মালিকৰ মৃত্যুৰ শোকত প্ৰাণ ত্যাগ কৰিলে এটা কুকুৰে

0 13

দুদিনমান আগতে এজন বৃদ্ধৰ মৃত্যু হৈছিল। মালিক হেৰুৱাৰ বাবে কুকুৰটো ইমানেই দুখী হৈ পৰিছিল যে খোৱা-বোৱাই বন্ধ কৰি দিছিল।

এটা সময়ত একেৰাহে দুদিন অনাহাৰত থাকি কুকুৰটোৰ মৃত্যু হয়। চীনৰ দক্ষিণ-পশ্চিম অংশত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

খবৰ অনুসৰি, অসুস্থতাৰ বাবে মালিকৰ মৃত্যুৰ পিছত একেৰাহে দুদিন উপবাস কৰি চলিত সপ্তাহত দক্ষিণ-পশ্চিম চীনত এটা কুকুৰৰ মৃত্যু হয়। মৃত বুঢ়াজনৰ নাতিনীৰ কয় যে ১০ বছৰতকৈও অধিক বয়সৰ এই গাঁৱৰ কুকুৰটো সৰুৰে পৰা বুঢ়াজনৰ লগত আছিল।

মালিকৰ মৃত্যুৰ পিছত কুকুৰটোৱে শেষৰ দুদিন (বুঢ়াৰ) কফিনৰ কাষত পৰি আছিল। এই সময়ত কুকুৰটোৱে পানীও খোৱা কৰা নাছিল। এই সময়ছোৱাত কুকুৰটোৱেও লৰচৰ কৰা নাছিল।

কুকুৰটোৱে মৃত্যুৰ পূৰ্বে মালিকৰ এটা শেষ ইচ্ছা পূৰণ কৰিছিল। মালিক মৃত্যুৰ আগতেই সিহঁতৰ পুৰণি ঘৰখনলৈ যাব বিচাৰিছিল, কিন্তু তাৰ আগতেই মৃত্যুমুখত পৰিছিল। অৱশ্যে কুকুৰটোৱে মালিকৰ শেষ ইচ্ছা পূৰণ কৰিলে। বুঢ়াজনৰ ডাঙৰ পুতেকে অলপতে পুৰণি ঘৰটো সংস্কাৰ কৰিছিল।

মৃত লোকজনৰ নাতিনী ছানে কয় যে কুকুৰটোৱে মোৰ পৰিয়ালৰ পুৰণি ঘৰলৈ গৈ তাতেই মৃত্যুবৰণ কৰে। যিটো আছিল মোৰ ককাৰ অপূৰ্ণ ইচ্ছা।’

ছানে লগতে কয় যে ককাৰ জন্মদিনত কুকুৰটোৰ মৃত্যু হয়। এইটো এটা কাকতলীয়া আছিল যদিও বহুতে কয় যে ই এতিয়া তেওঁলোকক ‘ভাগ্যত বিশ্বাস’ কৰিবলৈ বাধ্য কৰাইছে।

এজন ব্যক্তিয়ে অনলাইনত মন্তব্য কৰিছিল: ‘কুকুৰটোৱে ভয় কৰিছিল যে তেওঁৰ মালিক স্বৰ্গত অকলশৰীয়া হৈ পৰিব, গতিকে তেওঁ তালৈ গৈছিল তেওঁৰ সংগ ৰাখিবলৈ।’

এতিয়া ভাইৰেল হৈছে এই ব্যতিক্ৰমী খবৰটো।

Leave A Reply

Your email address will not be published.