Daily Time Axom

বেছি নিমখ কিয় খাব নালাগে জানক

0 19

বহুতকে ভাতৰ থালিৰ কাষত অলপ কেঁচা নিমখ লাগে। কোনোবাই নিমখ এচিকুট নিদিয়ালৈকে মুখৰ জুঁতি নাপায়। কিন্তু অতিৰিক্ত নিমখযুক্ত খাদ্যৰ ক্ষতিকাৰক প্ৰভাৱ কিমান জানেনে?

নিমখত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে। অলপমান ছডিয়াম শৰীৰৰ বাবে উপকাৰী, কিন্তু অত্যধিক পৰিমাণে বহু ক্ষেত্ৰত ক্ষতিকাৰক হ’ব পাৰে।

অতিৰিক্ত নিমখে কি ক্ষতি কৰিব পাৰে?

প্ৰথমতে, অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। কোৱা হয় যে কেঁচা নিমখ খালে ছডিয়ামৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ উপৰিও উচ্চ ৰক্তচাপৰ সম্ভাৱনাও বৃদ্ধি কৰে। ইয়াৰ উপৰিও নিমখ বেছিকৈ সেৱন কৰিলে ষ্ট্ৰোক আৰু হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিনটোত ডেৰ চামুচতকৈ বেছি নিমখ কোনেও খাব নালাগে। এই পৰিমাণৰ নিমখত ৩৪০০ মিলিগ্ৰাম ছডিয়াম থাকে। যদি ছডিয়াম ইয়াতকৈ বেছি হয় তেন্তে অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

Leave A Reply

Your email address will not be published.