Daily Time Axom

টকা দিলে চিনেমাত চান্স ! কি ক’লে একতা কাপুৰে

0 12



মুম্বাইত ভুৱা কাষ্টিং এজেণ্টৰ বিৰুদ্ধে এক বিবৃতি প্ৰকাশ কৰিছে চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰে। অভিযোগ অনুসৰি তেওঁৰ প্ৰডাকচন কোম্পানী বালাজী টেলিফিল্মছ লিমিটেড আৰু এ এল টি ডিজিটেল এণ্টাৰটেইনমেণ্টৰ নাম ব্যৱহাৰ কৰি চৰিত্ৰ আকাংক্ষীসকলক প্ৰতাৰণা কৰা হৈছে। বলীউডত অভিনয় কৰিব বিচৰা যুৱক-যুৱতীক ধন দাবী কৰা হৈছে।

দেওবাৰে একতাই এই সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। এনে কোনো সন্দেহজনক ঘটনা তেওঁক পোনপটীয়াকৈ খবৰ দিবলৈ সকলোকে আহ্বান জনায়।

একতাই নেটত দিয়া আনুষ্ঠানিক বিবৃতিত লিখিছে, ‘বালাজী টেলিফিল্ম লিমিটেডে এনে ধৰণৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। একতা কাপুৰ আৰু তেওঁৰ প্ৰডাকচন কোম্পানীয়ে কেতিয়াও কোনো প্ৰাৰ্থীৰ পৰা ধন দাবী কৰা নাই, ভৱিষ্যতেও দাবী নকৰে।’


বিবৃতিটোত এটা হেল্পলাইন মেইল ​​আইডিও দিয়া হৈছে, যাতে মানুহে এনে যিকোনো প্ৰৱঞ্চনাৰ ঘটনা তেওঁলোকক বিতংভাৱে জনাই দিব পাৰে। বলীউডৰ অভিনেতা জীতেন্দ্ৰ আৰু শোভা কাপুৰৰ কন্যা একতা বলীউডৰ টেলিভিছন জগতৰ বহুমুখী ব্যক্তিত্ব। ১৯৯৪ চনৰ পৰা বালাজী টেলিফিল্মছ লিমিটেডৰ যুটীয়া পৰিচালন সঞ্চালক আৰু সৃষ্টিশীল মূৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। পৰৱৰ্তী সময়ত সহযোগী প্ৰতিষ্ঠান বালাজী মোচন পিকচাৰ্ছৰ সফলতাৰ পিছত এ এল টি বালাজী মুকলি কৰা হয়।

শেহতীয়াকৈ তেওঁ সুনীৰ ক্ষেত্ৰপাল, শোভা কাপুৰ আৰু গৌৰৱ বসুৰ সৈতে তাপসি পান্নু অভিনীত ‘ডোবাৰা’ৰ সহ-প্ৰযোজক। অনুৰাগ কাশ্যপৰ পৰিচালনাত ১৯ আগষ্টত মুক্তি লাভ কৰা ছবিখনে।

Leave A Reply

Your email address will not be published.