Daily Time Axom

বিদ্যালয়ৰ পৰা বৰঙনি বিচৰাটো মডাৰ্ণ কনচেপ্ট- এই আখ্যা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

15

নিউজ ডেস্ক, ২২ আগষ্টঃ চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্তৰ সমৰ্থন কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। শিক্ষামন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কংগ্ৰেছ সাংসদগৰাকীৰ। বিদ্যাঞ্জলি আঁচনি বেয়া নহয় বুলি মন্তব্য সাংসদ বৰদলৈৰ।

‘এই আঁচনিৰ জৰিয়তে বিদ্যালয়ত ৰাইজৰ অংশীদাৰিত্ব বাঢ়িব। বিদ্যালয় সৱলীকৰণৰ বাবে সহায় বিচৰাটো অপৰাধ নহয়। নিজে পঢ়া স্কুলৰ প্ৰতি সকলোৰে দায়িত্ব থাকে। নিজৰ বিদ্যালয়খন সুন্দৰকৈ ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য।’ এই মন্তব্য নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। বিদ্যালয়ৰ বাবে বৰঙণি বিচৰাটোক মডাৰ্ণ কনচেপ্ট বুলিও আখ্যা দিছে সাংসদগৰাকীয়ে।

Comments are closed, but trackbacks and pingbacks are open.