Daily Time Axom

মেট্ৰিকত ফলাফল শূন্য দেখুওৱা ৩৪ খনকৈ প্ৰাদেশীকৃত বিদ্যালয় বন্ধ কৰিব চৰকাৰে

16

নিউজ ডেস্ক, ২৪ আগষ্টঃ অসমত  অতি শীঘ্ৰে বন্ধ হ’ব ৩৪ খন বিদ্যালয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ ফলাফল শূণ্য দেখুওৱাৰ পাছত বিদ্যালয়সমূহৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত শূন্য উত্তীৰ্ণ শতাংশৰ সৈতে থকা ৩৪ খন চৰকাৰী/প্ৰাদেশিককৃত বিদ্যালয় আৰু ৫৭ খন স্বীকৃত ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।

বন্ধ হ’বলগীয়া বিদ্যালয়সমূহৰ ভিতৰত কাছাৰ জিলাত ৫ খন, চিৰাং জিলাত ১ খন, দৰং জিলাত ১ খন, ধুবুৰী জিলাত ২ খন, ডিব্ৰুগড় জিলাত ১ খন, গোৱালপাৰা জিলাত ২ খন, গোলাঘাট জিলাত ১ খন, হাইলাকান্দি জিলাত ১ খন, যোৰহাট জিলাত ৫ খন, কামৰূপ জিলাত ১ খন, কাৰ্বি আংলং জিলাত ৭ খন, কোকৰাঝাৰ জিলাত ১ খন, লখিমপুৰ জিলাত ২ খন, নগাঁও জিলাত ২ খন, নলবাৰী জিলাত ১ খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১ খন বিদ্যালয় হ’ব বন্ধ বুলি জানিব পৰা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.