Daily Time Axom

২৯ আগষ্টত অসম-ত্ৰিপুৰা ভ্ৰমণলৈ আহিব জে পি নাড্ডা

24

নিউজ ডেস্ক, ২৫ আগষ্টঃ ২৯ আগষ্টত অসম-ত্ৰিপুৰা ভ্ৰমণলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। এই ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি ২৯ আগষ্টতেই গুৱাহাটীৰ উজান বজাৰ স্থিত বিজেপিৰ নৱ-নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় পদ্ম ভৱন উদ্বোধন কৰিব সভাপতি গৰাকীয়ে ।

ইয়াৰ পাছতেই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব জে পি নাড্ডা। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে সকলো সাংসদো উপস্থিত থাকিব।

Comments are closed, but trackbacks and pingbacks are open.