Daily Time Axom

ভাৰতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছে

0 17

বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইনক লৈ অনুষ্ঠিত হোৱা “প্ৰক্ৰিয়াগত ভোট”ৰ সময়ত ভাৰতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰে। এই সময়ছোৱাত ১৫ জনীয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ভিডিঅ’-টেলিকনফাৰেন্সৰ জৰিয়তে বৈঠকত ভাষণ দিবলৈ আমন্ত্ৰণ জনায়। ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ সেনাই ইউক্ৰেইন আক্ৰমণ কৰিছিল। তাৰ পাছৰে পৰা ইউক্ৰেইনৰ বিষয়টোক লৈ ভাৰতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছে। এতিয়ালৈকে নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইনৰ বিষয়টো এৰাই চলি আহিছে, যিটো আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহৰ প্ৰতি অসন্তুষ্ট। ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ পিছত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত কঠোৰ অৰ্থনৈতিক আৰু অন্যান্য নিষেধাজ্ঞা আৰোপ কৰিছে।

Leave A Reply

Your email address will not be published.