Daily Time Axom

পেলোছিৰ পিছত টাইৱানলৈ গৈছে দালাই লামা!

0 16



চীনৰ ভাবুকি আৰু সতৰ্কবাণীক আওকাণ কৰি শেহতীয়াকৈ আমেৰিকাৰ কংগ্ৰেছৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰিছিল। ইয়াত চীনে টাইৱানক কেন্দ্ৰ কৰি ব্যাপক সামৰিক অনুশীলন চলাইছিল। লগতে মিছাইল নিক্ষেপ কৰা। ইয়াৰ লগে লগে টাইৱান আৰু আমেৰিকাৰ মাজত চৰম উত্তেজনা আৰম্ভ হৈছিল চীনৰ বাবে। নতুন খবৰৰ ভিতৰত তিব্বতৰ বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক নেতা দালাই লামাই টাইৱান ভ্ৰমণ কৰিব ।


খবৰ অনুসৰি দালাই লামাক হয়তো দেশখনে টাইৱান ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাব পাৰে।

টাইৱানৰ মানুহে দালাই লামাক ভাল পায় । ইফালে বৌদ্ধ অনুগামীসকলে দালাই লামাক টাইৱান ভ্ৰমণ কৰিবলৈ এই পত্ৰ লিখিছিল।

সেয়েহে দালাই লামাৰ টাইৱান ভ্ৰমণক লৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে এতিয়া।

Leave A Reply

Your email address will not be published.