দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে। শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদায়ী মুখ্য ন্যায়াধীশ এন.ভি.ৰমনাৰ উপস্থিতিত প্রধান বিচাৰপতি ললিতক শপতবাক্য পাঠ কৰায় ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে।
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ন্যায়াধীশ ললিতৰ পিতৃও উপস্থিত আছিল। শপত গ্ৰহণ কৰাৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীয়ে পিতৃৰ কাষ চাপি ভৰি চুই প্ৰণাম কৰে।মুখ্য ন্যায়াধীশ ললিত অৱশ্যে তিনিমাহতকৈও কম সময় কাৰ্যভাৰত থাকিব। চলিত বৰ্ষৰ ৮ নৱেম্বৰত অৱসৰ লোৱাৰ কথা।
প্ৰসংগক্ৰমে মুখ্য ন্যায়াধীশ হিচাপে ললিত হ’ব দ্বিতীয়জন ব্যক্তি যিয়ে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ পোনপটীয়াকৈ পদোন্নতি লাভ কৰিব আৰু পিছলৈ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিব। ইয়াৰ পূৰ্বে ১৯৬৪ চনত ন্যায়াধীশ এছ এম ছিক্ৰি উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল আৰু পিছলৈ মুখ্য ন্যায়াধীশ হৈছিল।
প্ৰথা অনুসৰি দেশৰ মুখ্য ন্যায়াধীশে অৱসৰৰ পূৰ্বে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰে। সেই অনুসৰি আইন মন্ত্ৰালয়ে মুখ্য ন্যায়াধীশ ৰমনালৈ এখন পত্ৰ প্ৰেৰণ কৰি পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম বিচাৰিছে। দস্তুৰ মেনেইৰ মতে, অৱসৰৰ এমাহ পূৰ্বে তেওঁ আইন মন্ত্ৰালয়লৈ প্ৰেৰণ পত্ৰযোগে তেওঁৰ উত্তৰাধিকাৰীৰ নাম অৱগত কৰিছিল।
ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰতো উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠত আছিল ন্যায়াধীশ ললিত। এই বিচাৰপীঠৰ নেতৃত্বত আছিল তদানীন্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। কিন্তু ২০১৯ চনৰ ১০ জানুৱাৰীত গোচৰৰ চূড়ান্ত শুনানিৰ পূৰ্বে ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ পৰা নিজকে আঁতৰাই লৈছিল ললিতে।