Daily Time Axom

আজি গুজৰাটত প্ৰধানমন্ত্ৰীয়ে পথচাৰীৰ বাবে মুকলি কৰিব নতুন দলং

12

নিউজ ডেস্ক, ২৭ আগষ্টঃ প্ৰধানমন্ত্ৰীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হ’ব। আজি প্ৰধান মন্ত্ৰীয়ে উদ্বোধন কৰিব গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী নদীত পথচাৰী সকলৰ বাবে ”অটল দলং ”।

উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে নদী খনৰ দলঙৰ ফটো শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত। ভ্ৰমণৰ প্ৰথম দিনা মোডীয়ে সন্ধিয়া সাবৰমতী নদীৰ সন্মুখত খাদী উৎসৱ অনুষ্ঠানত এক সমাৱেশক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে একেঠাইৰ পৰা আহমেদাবাদ পৌৰ নিগমে নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰিব।

উল্লেখ্য যে, দলংখনৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে ৰখা হৈছে। আকৰ্ষণীয় ডিজাইন আৰু এলইডি লাইটেৰে সজ্জিত দলংখন প্ৰায় ৩০০ মিটাৰ দীঘল আৰু ১৪ মিটাৰ বহল।

Comments are closed, but trackbacks and pingbacks are open.