Daily Time Axom

গোলাম নবী আজাদৰ পাছতেই তেলেংগেনাৰ জেষ্ঠ্য নেতাৰ কংগ্ৰেছ ত্যাগ

27

নিউজ ডেস্ক, ২৮ আগষ্টঃ কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কেইদিনমান পূৰ্বে জ্যেষ্ঠ ৰাজনীতিবিদ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই আন এগৰাকী নেতাই কৰিলে পদত্যাগ।

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা তেলেংগানা কংগ্ৰেছৰ নেতা এম এ খানে শনিবাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে। দলৰ হাইকমাণ্ডলৈ লিখা পত্ৰখনত তেওঁ কয় যে “দলটোৱে জনসাধাৰণক বুজাবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যে ই নিজৰ পুৰণি স্থিতিলৈ ঘূৰি আহিব আৰু পুনৰ এবাৰ দেশৰ নেতৃত্ব দিব”।

তেওঁ কয় যে, “জ্যেষ্ঠ নেতাসকলে দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে কিয়নো শীৰ্ষ নেতৃত্বই দলটোৰ আন কৰ্মী সকলক পুনৰ সক্ৰিয় কৰাৰ বাবে কোনো প্ৰচেষ্টা কৰা নাই। পণ্ডিত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীয়ে যি প্ৰতিশ্ৰুতিৰে কাম কৰিছিল সেই প্ৰতিশ্ৰুতিৰে দলটোৱে কাম কৰা নাই। এনে পৰিস্থিতিত, দলৰ পৰা নিজকে বিচ্ছিন্ন কৰাৰ বাহিৰে মোৰ ওচৰত আন কোনো বিকল্প নাই।”

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে, তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ হৈছে ৰাহুল গান্ধীয়েই৷ তেঁও কয় যে, “মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছো। ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পিছত দলটো ডুবিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ চিন্তাবোৰ বেলেগ। তেওঁৰ চিন্তা কাৰো সৈতে মিলা নাই। খণ্ড স্তৰৰ পৰা বুথ স্তৰলৈকে কোনো নেতাৰ সৈতে তেওঁৰ চিন্তাৰ কোনো সাদৃশ্য দেখা পোৱা নাযায়” ।

Comments are closed, but trackbacks and pingbacks are open.