নিউজ ডেস্ক, ২৯ আগষ্টঃ আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা। গুৱাহাটীৰ বিজেপিৰ উত্তৰ-পূব কাৰ্যালয় মুকলি কৰিব নাড্ডাই।বিয়লি ৪ বজাত অসমত উপস্থিত হ’ব ৰাষ্ট্রীয় সভাপতিগৰাকী।বিয়লি ৪.৩০ বজাত পদ্মভৱন মুকলি কৰিব জে পি নাড্ডাই।
মিছন-২৪ৰ লক্ষ্যৰে দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ-পূবলৈ নাড্ডা।দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব জে পি নাড্ডাই।এই বেঠকত উত্তৰ-পূৱৰ ৪ জন মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব।ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।
Comments are closed, but trackbacks and pingbacks are open.