Daily Time Axom

ডায়েনাৰ ব্যৱহৃত গাড়ীখন ৭ কোটি টকাত বিক্ৰী

0 20


ৰাজকুমাৰী ডায়েনাৰ ব্যৱহৃত ফৰ্ড এস্কৰ্ট গাড়ী প্ৰায় ৭ কোটি টকাত বিক্ৰী। কিছুদিন পূৰ্বে প্ৰাক্তন ব্ৰিটিছ ৰাজকুমাৰীৰ মৃত্যুৰ বাৰ্ষিকীত এই বিশাল নিলামে দেখুৱাই যে মৃত্যুৰ ২৫ বছৰৰ পাছতো ডায়েনাৰ জনপ্ৰিয়তা একেবাৰে কমি যোৱা নাই।

ক’লা গাড়ী এখনৰ ওপৰত ডাঠ নীলা ৰঙৰ ৰেখা। এই ফৰ্ড গাড়ীখন বিশেষভাৱে ডায়েনাৰ বাবে ডিজাইন কৰা হৈছিল। গাড়ীখনত ডায়েনাই কোৱাৰ দৰেই ক’লা ৰং কৰা হৈছিল। এই মডেলৰ আন কোনো গাড়ী ক’লা নহয়। ফলত গাড়ী সংগ্ৰাহকসকলৰ বাবে গাড়ীখনৰ আন মূল্যবিচাৰি পায়।

১৬০০ পাউণ্ডৰ এই গাড়ীখন কেতিয়াও ‘বিলাসী’ গাড়ী হিচাপে তালিকাভুক্ত নহয়। কিন্তু ৰজাঘৰীয়া পৰিয়ালৰ নিজা ৰ’লছ ৰয়ছ আৰু ডেইমলাৰ গাড়ীৰ সলনি ডায়েনাক মনত ৰাখিছিল। ডায়েনাই ১৯৮৫-১৯৮৮ চন চাৰি বছৰ ধৰি এই এস্কৰ্ট গাড়ীখন চলাইছিল। সাধাৰণতে তেওঁ নিজেই গাড়ী চলাইছিল। কিন্তু কাষৰ আসনত বহি আছিল ৰাজপৰিয়ালৰ বাবে নিৰ্ধাৰিত এজন নিৰাপত্তাৰক্ষী। ডাঙৰ পুত্ৰ ৰাজকুমাৰ উইলিয়াম, প্ৰায়ে পিছৰ আসনত বহিছিল। নিলাম এগৰাকী মুখপাত্ৰৰ মতে, “এইখন ৰজাঘৰীয়া পৰিয়ালৰ সদস্যই ব্যৱহাৰ কৰা আটাইতকৈ সাহসী গাড়ী। ” গাড়ীখনে ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব চলিছে ।

ইংলেণ্ডৰ ৱাৰৱিকশ্বাৰৰ ‘চিলভাৰষ্টোন অকচনছ’ নামৰ এটা কোম্পানীয়ে আয়োজন কৰিছিল এই নিলাম। নিবিদা আৰম্ভ হয় ১ লাখ পাউণ্ডৰ পৰা। ডুবাই, আমেৰিকা আৰু ব্ৰিটেইনৰ পৰা বাৰে বাৰে দৰদাম কৰাৰ বাবে গাড়ীৰ দাম বহুত বৃদ্ধি পালে। নিলাম প্ৰতিষ্ঠানটোৱে জনোৱা মতে, অৱশেষত উত্তৰ ইংলেণ্ডৰ এলডাৰলি এজৰ এজন গাড়ী সংগ্ৰাহকে গাড়ীখন ৭ লাখ ৩৭ হাজাৰ পাউণ্ডত ক্ৰয় কৰে। ভাৰতীয় মুদ্ৰাত যিটো ৬ কোটি ৯২ লাখ টকা।

ডায়েনাই ব্যৱহাৰ কৰা আন এখন ফৰ্ড এস্কৰ্ট গাড়ী যোৱা বছৰ নিলামৰ বাবে ওলাইছিল। ১৯৮১ চনত তেওঁলোকৰ এংগেজমেণ্টৰ সময়ত প্ৰিন্স চাৰ্লছে ডায়েনাক ৰূপালী ৰঙৰ গাড়ীখন দিছিল। যিখন ৫২ হাজাৰ পাউণ্ড (৪৮ লাখ টকা)ত বিক্ৰী হৈছিল। দক্ষিণ আমেৰিকাৰ এটা গাড়ী সংগ্ৰহালয়ে কিনিছিল।

অহা ৩১ আগষ্ট বুধবাৰে ডায়েনাৰ মৃত্যুৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব। ১৯৯৭ চনত পেৰিছত সংঘটিত এক গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা কমি অহা নাই বুলি কথা শেহতীয়াকৈ স্পষ্ট হৈ পৰিছে তেওঁৰ বিষয়ে অ’টিটি প্লেটফৰ্মত নিৰ্মাণ কৰা ‘দ্য ক্রাউন’ ধাৰাবাহিকখনৰ জনপ্ৰিয়তাৰ পৰাই ।

Leave A Reply

Your email address will not be published.