Daily Time Axom

বিমান অৱতৰণৰ বাবে ৰূপসী বিমান বন্দৰ সম্পূৰ্ণৰূপে সাজু

0 21

ডিজিটেল ডেস্কঃ ৰূপসী বিমান বন্দৰটো বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু বিমান বন্দৰটোত প্ৰয়োজনীয় সম্পদৰো ব্যৱস্থা কৰা হৈছে। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশে পৰহি গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। সুৰেশে কয় যে অতি সোনকালে বিমান বন্দৰটো কাৰ্যক্ষম হৈ উঠিব।

আনহাতে, গুৱাহাটী বিমান বন্দৰত নিৰ্মীয়মান নতুন টাৰ্মিনেল ভৱনটোৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ভিতৰতে ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ পৰাৰ্মশ আগবঢ়ায়। তেওঁ প্ৰয়োজন সাপেক্ষে তিনিটা ছিফটত কাম কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত সুৰেশে কয় যে অহা বছৰৰ মাৰ্চৰ ভিতৰত টাৰ্মিনেল ভৱনটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল যদিও ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কিছু বিলম্ব হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.