Daily Time Axom

বিজনীৰ এডভাইটা বিদ্যালয়া ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে নামানিলে চৰকাৰী বন্ধ

0 14

আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি ৷যি সময়ত সমগ্ৰ ৰাজ্যজুৰি আজিৰ মহান দিনটোত পুৱাৰে পৰা বিভিন্ন নামঘৰ, সত্ৰ আদিত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে এনে মহান দিনটোত চৰকাৰৰ তৰফৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশ থকাৰ পিছতো বিজনী চহৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এডভাইটা বিদ্যালয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খনৰ নিয়মিত পাঠদান চলি থকাত গুৰুজনাৰ পবিত্র তিৰোভাৱ তিথিক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজনীৰ সচেতন ৰাইজে।

আনহাতে বিদ্যালয় কৰ্তৃপক্ষই আগন্তুক পাঁচ ছেপ্টম্বৰত অনুষ্ঠিত হ’ব লগা শিক্ষক দিৱসত ছাত্র-ছাত্ৰী সকলক শিক্ষক-ছাত্ৰৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ বাবে উক্ত শিক্ষক দিৱসৰ দিনটোত ল’ব লগীয়া প্ৰস্তুতিৰ বাবে বিদ্যালয় খোলা ৰখা হয় বুলি মন্তব্য কৰে বিদ্যালয় খনৰ অধ্যক্ষ মীৰা চক্ৰৱৰ্তী আৰু পৰিচালন সঞ্চালক গণেশ ব্ৰহ্মই।

Leave A Reply

Your email address will not be published.