Daily Time Axom

আমেৰিকানসকলৰ গড় আয়ুস হ্ৰাস পাইছে

0 20

২০২০ আৰু ২০২১ চনত আমেৰিকানসকলৰ গড় আয়ুস যি হাৰত হ্ৰাস পাইছে, সেই হাৰ যোৱা ১০০ বছৰৰ ভিতৰত সৰ্বাধিক।

আমেৰিকানসকলৰ গড় আয়ুসৰ এই পৰিৱৰ্তন মূলতঃ কৰ’না মহামাৰীৰ প্ৰভাৱ আৰু অন্যান্য কাৰণত প্ৰতিফলিত হৈছে। ‘ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিসংখ্যা কেন্দ্ৰ’ৰ সূত্ৰ অনুসৰি ২০১৯ চনৰ তুলনাত যোৱা বছৰ গড় আয়ুস ৩ বছৰ হ্ৰাস পাইছে অৰ্থাৎ ২০১৯ চনত ৭৯ বছৰ, আৰু যোৱা বছৰ ৭৬ বছৰ।

আমেৰিকাৰ থলুৱা আৰু আলাস্কাৰ স্থানীয় লোকৰ আয়ুস হ্ৰাস পোৱাৰ সংখ্যা আৰু অধিক। ২০২০ চনত তেওঁলোকৰ গড় আয়ুস চাৰি বছৰ হ্ৰাস পাইছিল। নেচনেল ব্যুৰো অৱ হেল্থ ষ্টেটিষ্টিকছৰ তথ্য অনুসৰি কৰ’না মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বাস্থ্য গৱেষকসকলেও বুধবাৰে প্ৰকাশ কৰা অনুসৰি ক’ৰ’না ভাইৰাছৰ ফলত অধিক আমেৰিকান লোকৰ মৃত্যু হোৱাৰ লগে লগে আয়ুস আতংকজনকভাৱে হ্ৰাস পাইছে।

ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ অন ছ’চাইটি এণ্ড হেল্থৰ সঞ্চালক। ষ্টিভেন উফে কয় যে আয়ুস হ্ৰাস হোৱাটো নিশ্চিতভাৱে এক “ঐতিহাসিক” দুৰ্যোগ। অৱশ্যে কৰ’ণা মহামাৰীৰ বাবে ২০২০ চনত বিশ্বৰ আন ধনী দেশতো একে পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু আমেৰিকাৰ দৰে আন দেশত গড় আয়ুস হ্ৰাস পোৱা নাই। কৰ’না ভাইৰাছৰ সময়ত হৃদৰোগ, পক্ষাঘাত আৰু মানসিক হতাশাৰ ক্ষেত্ৰতো আত্মহত্যাৰ প্ৰাদুৰ্ভাৱ আতংকজনকভাৱে বৃদ্ধি পাইছে বুলি চিকিৎসা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.