Daily Time Axom

বিবাহৰ প্ৰতিশ্ৰুতি দি দলীয় এগৰাকী মহিলা কৰ্মীক ধৰ্ষণ

0 15

এগৰাকী কংগ্ৰেছ নেতাই বিবাহৰ প্ৰতিশ্ৰুতি দি দলীয় এগৰাকী মহিলা কৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেলেংগানা নাৰায়ণপেট জিলা কংগ্ৰেছৰ সভাপতি কে শিৱকুমাৰ ৰেড্ডীৰ। জানিব পৰা মতে, ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ প্ৰচাৰ আৰু সমন্বয়ৰ দায়িত্ব নাৰায়ণপেট অঞ্চলত কংগ্ৰেছ নেতৃত্বই মহিলাগৰাকীক দিছিল। তেতিয়াহে মহিলাগৰাকীয়ে শিৱকুমাৰৰ লগত কথা পাতিছিল। অভিযোগ অনুসৰি শিৱকুমাৰে প্ৰথমৰ পৰাই মহিলাগৰাকীৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। তাৰ পিছত সেই মহিলাগৰাকীক বিয়াৰ প্ৰস্তাৱ দিলে। এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰিছে যে বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ পিছত তেওঁ শিৱকুমাৰৰ বৰ্তমানৰ বৈবাহিক জীৱনৰ বিষয়ে সোধা-পোছা কৰে। সেই সময়ত অভিযুক্ত কংগ্ৰেছ নেতাজনে কৈছিল যে তেওঁৰ পত্নী গুৰুতৰভাৱে অসুস্থ হৈ আছে। বেছি দিন জীয়াই নাথাকিব। গতিকে তেওঁক চোৱা-চিতা কৰিবলৈ এগৰাকী মহিলাৰ প্ৰয়োজন। মহিলা গৰাকীয়ে আৰক্ষীক অভিযোগ কৰে যে কংগ্ৰেছ নেতা গৰাকীয়ে তেওঁক এখন হোটেললৈ লৈ গৈছিল আৰু তেওঁৰ পানীয়ত ড্ৰাগছ মিহলাই ধৰ্ষণ কৰিছিল। আনকি ধৰ্ষণৰ সমগ্ৰ ঘটনাতো তেওঁৰ মোবাইলত ৰেকৰ্ড কৰি তেওঁক ব্লেকমেইল কৰা কৰিছিল। ইণ্টাৰনেটত এই ভিডিঅ’ প্ৰচাৰ কৰাৰো হুংকাৰ দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে।

Leave A Reply

Your email address will not be published.