Daily Time Axom

‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২’ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 17

গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ পোষণ অভিযানৰ অধীনত আয়োজন কৰা ‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২’ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপৰিপুষ্টিৰ পৰা মুক্ত এখন দেশ গঢ়ি তোলাৰ লক্ষ্যক বাস্তৱায়িত কৰিবলৈ অসম চৰকাৰেও ৰাজ্যখনত পৰিপুষ্টিহীনতা আৰু ৰক্তহীনতা আঁতৰ কৰাৰ বাবে কৰ্মসূচী ৰূপায়ণ কৰি আহিছে৷ এই ইউনিটে সমন্বিত শিশু উন্নয়ন আঁচনিৰ ৬টা সেৱা প্ৰদানৰ বিষয়টোত নিৰন্তন নিৰীক্ষণ কৰি আহিছে৷ গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ ৰক্তহীনতা, কম ওজন, শিশুৰ পুষ্টিহীনতা আঁতৰ কৰাৰ দিশত এই ৬টা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ অংগনৱাড়ী কেন্দ্ৰৰ পৰ্যায়ত আই চি ডি এছ সেৱাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সমগ্ৰ অসমতে এটা ম’বাইল এপ্লিকেচন ‘পোষণ ট্ৰেকাৰ’ ৰূপায়ণ কৰা হৈছে৷ এইপৰ্যন্ত অংগনৱাড়ী কৰ্মীৰ মাজত ৬১,৬৯০টা ম’বাইল বিতৰণ কৰা হৈছে আৰু একে সময়তে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে৷ আজিলৈকে ৪২,৮৩,৫২৯জন হিতাধিকাৰীক এপত পঞ্জীয়ন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে। লগতে তেওঁ কয়,এই বছৰ ৰাষ্ট্ৰীয় পোষণ মাহত সমগ্ৰ ৰাজ্যতে পোষণ পঞ্চায়ত অনুষ্ঠিত কৰি গৰ্ভাৱস্থাত আৰু শিশুক দুগ্ধপান কৰাই থকাৰ সময়ছোৱাত মহিলাৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টিকৰ খাদ্য, ৰক্তহীনতা ৰোধ, ঋতুস্ৰাৱৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ অভিযান চলোৱা হ’ব৷ কিশোৰী পঞ্চায়তৰ জৰিয়তে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা, ৰক্তহীনতা আদিৰ বিষয়েও অৱগত কৰোৱা হ’ব৷ পোষণ বাটিকা নামৰ এক কাৰ্যসূচীৰ দ্বাৰা অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় চৌহদ আদিত ঔষধি গুণসম্পন্ন গছপুলি ৰোপণ, যোগাভ্যাসৰ জৰিয়তে স্বাস্থ্য ৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টি, ৰাজ্যৰ চাহ বাগিচাৰ কিশোৰীসকলৰ বাবে ৰক্তহীনতা দূৰীকৰণ শিবিৰ অনুষ্ঠিতকৰণ আদিকে ধৰি এই সময়ছোৱাত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হ’ব৷

অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, বিধানসভাৰ মহিলা আৰু শিশু কল্যাণ সমিতিৰ অধ্যক্ষ তথা বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.