দেশৰ ৪ মহানগৰৰ ভিতৰত মুম্বাইতে কণ্ডমৰ অৰ্ডাৰ কৰা হৈছে সৰ্বাধিক! ছুইগীয়ে চলোৱা নতুন সমীক্ষাৰ তথ্যই সমগ্ৰ চহৰখনক উন্মাদনাত পেলাইছে।
শেহতীয়াকৈ ছুইগীয়ে তেওঁলোকৰ অৰ্ডাৰ দিয়া এপ ইনষ্টাগ্ৰামৰ ডেলিভাৰী ৰেকৰ্ডৰ ভিত্তিত এক অধ্যয়ন চলাইছে। চুইগিয়ে এই সমীক্ষাটো মূলতঃ মুম্বাই, দিল্লী, হায়দৰাবাদ, চেন্নাইত বিক্ৰীৰ ওপৰত ভিত্তি কৰি চলাইছিল।
ছুইগিৰ এই সমীক্ষাৰ তথ্য অনুসৰি যোৱা এটা বছৰত কণ্ডমৰ সৰ্বাধিক বিক্ৰী হৈছে মুম্বাইত। যোৱা বছৰৰ তুলনাত মুম্বাইত ৫৭০ গুণ অধিক কণ্ডম অৰ্ডাৰ দিয়া হৈছে। আনহাতে আন চহৰত চেনিটেৰী নেপকিনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ অৰ্ডাৰ বেছি।

লগতে এই সমীক্ষাৰ পৰা লাভ কৰা তথ্য অনুসৰি যোৱা বছৰ এপ্ৰিলৰ পৰা জুন মাহলৈকে এই চহৰবোৰত ৪২ শতাংশ আইচক্ৰীমৰ অৰ্ডাৰ দিয়া হৈছিল। অৰ্ডাৰ লিষ্টত পৰৱৰ্তী স্থানত আছে কণী। বেংগালুৰু, দিল্লী আৰু মুম্বাইত প্ৰায় ৫ কোটি কণী অৰ্ডাৰ কৰা হৈছে। তালিকাত আৰু আছে পোহা, উপমা। ফল-মূল আৰু শাক-পাচলিৰ অৰ্ডাৰো দিয়া হৈছে। কিন্তু সকলোকে কণ্ডমে চেৰ পেলাইছে।
প্ৰসংগক্ৰমে ১১ ডিচেম্বৰত কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গাইডলাইন জাৰি কৰিছিল, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কোনো টেলিভিছন চেনেলত কণ্ডমৰ বিজ্ঞাপন প্ৰচাৰ কৰিব নোৱাৰিব। এনেধৰণৰ বিজ্ঞাপনত ‘অশোভনীয় আৰু অনুপযুক্ত’ কন্টেন্ট দাঙি ধৰাৰ দোহাই দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই সময়ত ইয়াৰ প্ৰচাৰ নিষিদ্ধ কৰিছে। গাইডলাইনত কোৱা হৈছে যে ইয়াক শিশুৱে চাব নালাগে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে ৰাজস্থান উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ প্ৰদীপ নন্দৰযোগ আৰু ন্যায়াধীশ ডিচি সোমানীৰ বিচাৰপীঠে কেন্দ্ৰলৈ জাৰি কৰে। এটা ব্যক্তিগত সংস্থাই দাখিল কৰা গোচৰৰ পিছতে জাননী দাখিল কৰা হৈছে। মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই জাননী লাভ কৰিছে। ইয়াৰ উত্তৰো যথাসময়ত দিয়া হ’ব।