শেহতীয়াকৈ কম-বেছি পৰিমাণে লোকে থাইৰয়ডৰ সমস্যাত ভুগিছে।
এই জটিল ৰোগে এবাৰ শৰীৰত ঠাই ল’লে খাদ্যৰ এক বৃহৎ পৰিৱৰ্তন কৰিব লাগিব। ডাক্তৰে বহুত খাদ্য খোৱা নিষেধ কৰে। থাইৰয়ডৰ সমস্যা থকা লোকসকলে ৰাতিটোৰ ভিতৰতে নিজৰ ওজন নিয়ন্ত্ৰণত নাপায়। হজম শক্তিও কমি যায়। ফলত চৰ্বি জমা হোৱাৰ সমস্যা বাঢ়ি যায়। কিন্তু থাইৰয়ডৰ সমস্যা থাকিলেও খাদ্য তালিকাত কিছুমান খাদ্য ৰাখিব লাগে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। সেইবোৰ কি?
১. দৈনন্দিন খাদ্য তালিকাত আয়’ডিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে আয়’ডিন সমৃদ্ধ খাদ্যই প্ৰাকৃতিকভাৱে ওজন কমাবলৈ সহায় কৰে। যেনে- কণী, মাছত আয়’ডিন প্ৰচুৰ পৰিমাণে থাকে।
২. আঁহযুক্ত খাদ্যই হজম কাৰ্য্যত সহায় কৰে। বিপাকীয় হাৰ বৃদ্ধি হ’লে চৰ্বি জমা হ’ব নোৱাৰে। কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, আৰু লগতে শৰীৰৰ পৰা প্ৰদূষক বাহিৰ কৰাত সহায় কৰে। যিবোৰ ফল-মূল আৰু শাক-পাচলিত আঁহ থাকে, সেইবোৰ খাদ্যত ৰাখক।
৩. শৰীৰত ভিটামিন ডিৰ অভাৱত ওজন বৃদ্ধি পায়। ভিটামিন ডিয়ে থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণতো সহায় কৰে। কণী, ভেঁকুৰ, চৰ্বিযুক্ত মাছত ভিটামিন ডি থাকে। চিকিৎসকৰ পৰামৰ্শ মতে ভিটামিন ডি কেপচুল খাব পাৰে।
৪. আখৰোট, চিয়া গুটি, শণৰ গুটি, ঘিউ, আলমণ্ডত ওমেগা থ্ৰী ফেটি এচিড থাকে। এই ধৰণৰ খাদ্যই থাইৰয়ড ৰোগীৰ ওজন নিয়ন্ত্ৰণতো সহায় কৰে।
৫. আপেল, জামু, এভোকেডো আদি ফলত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। কেৱল থাইৰয়ড ৰোগীৰ বাবে উপকাৰী নহয়, এই ফলবোৰে মেদবহুলতা, ডায়েবেটিছ, উচ্চ কলেষ্টেৰলৰ মাত্ৰা, হৃদযন্ত্ৰৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।