কংগনা ৰানাৱতে আকৌ মুখ খোলিছে…।
শেহতীয়াকৈ কংগনাই নিজৰ ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে। এটা পুৰণি ভিডিঅ’ ক্লিপৰ এখন ছবি শ্বেয়াৰ কৰি কংগনাই কয় যে মহেশ ভাটৰ প্ৰকৃত নাম একেবাৰেই মহেশ নহয়! তেওঁৰ নাম আছলাম।মহেশে ধৰ্মান্তৰিত হৈ ছোনী ৰাজদানক বিয়া কৰায়।

কংগনাইও লিখিছে, কি সুন্দৰ নাম, গোপন কৰি ৰখাৰ প্ৰয়োজন কি আছিল? কংগনাৰ মতে ধৰ্মান্তৰকৰণৰ পিছত প্ৰকৃত নাম ব্যৱহাৰ কৰিব লাগে। তেওঁ আন কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন নাই।
মহেশ ভট্টৰ গেংষ্টাৰ ছবিখনেৰে বলিউডত অভিষেক ঘটায় কংগনাই। ইয়াৰ পিছত তেওঁ অ’ লোমহে ছবিতো অভিনয় কৰিছিল। কিন্তু সেই সকলোবোৰ পাহৰি কংগনাই মহেশক বাৰে বাৰে ঠাট্টা কৰিছিল। আনকি, শেহতীয়াকৈ কংগনাই কৈছিল যে মহেশ ভট্টে শ্বুটিং ফ্ল’ৰত কংগনাক অপমান কৰিছিল।
কংগনাই প্ৰমাণ কৰিলে যে তেওঁ এতিয়াও অভিনয়ত সমসাময়িকসকলক পৰাস্ত কৰিব পাৰে। নতুন ছবি ‘ইমাৰ্জেন্সী’ৰ ফাৰ্ষ্ট লুক মুক্তি পোৱাৰ লগে লগে পুনৰ শিৰোনাম দখল কৰিছে কংগনাই। কেঁচা চুলি, অলপ মেকআপ, প্ৰস্থেটিক লুকেৰে ইন্দিৰা গান্ধীৰ লুকত কংগনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। মাত্ৰ ১ মিনিট ২১ ছেকেণ্ডৰ টিজাৰত কংগনাই প্ৰমাণ কৰিলে যে পৰ্দাত ইন্দিৰাৰ চৰিত্ৰটো তেওঁৰ বাবেই নিৰ্মিত। কিন্তু কেৱল অভিনয়েই নহয়, কংগনাই নিজৰ হাতেৰে নিৰ্মাণ কৰি আছে এই ছবিখন। পৰিচালক ছাই কবীৰৰ হাতৰ পৰা পৰিচালনাৰ দায়িত্ব লৈ কংগনাই এই ‘ইমাৰ্জেন্সী’ৰ পৰিচালকৰ কাম কৰিছে।