Daily Time Axom

অৱশেষত অৰুণাচলত মৃত্যু হোৱা শ্ৰমিক দম্পতিৰ মৃতদেহ পালেহি নিজ বাসগৃহত

12

নিউজ ডেস্ক,৭ ছেপ্তেম্বৰ: অৰুণাচল চৰকাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ মৃতদেহ পঠিয়াই দিয়াত ক্ষোভিত পৰিয়ালৰ তথা দল-সংগঠনৰ। মৃত পৰিয়ালটোৰ ঘৰত জিলাৰ শীৰ্ষ বিষয়া উপস্থিত নোহোৱালৈকে মৃতদেহ জানাজা নকৰাৰ সিদ্ধান্ত পৰিয়ালৰ।এই ঘটনা চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত নিজ দামুগাঁৱৰ।

উল্লখ্য যে, ৩ ছেপ্টম্বৰৰ মাজনিশা অৰুণাচলৰ টুকিঙত মিষ্ট্ৰী কামত কৰ্মৰত নিজ দামুগাঁৱৰ শ্ৰমিক দম্পতি ফাৰুক আলি(২৩) আৰু নুৰেজা খাতুনৰ ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হৈছিল। ঘটনাটোত স্বাভাৱিক মৃত্যু নহয়, এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।এনে পৰিপ্ৰেক্ষিতত অৰুণাচল চৰকাৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ ঘৰলৈ পঠিয়াই দিয়াত অৰুণাচল চৰকাৰে ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে এবিএমছুৱে।সেয়েহে মৃত পৰিয়ালটোৰ ঘৰত চিৰাং জিলাৰ শীৰ্ষ বিষয়া উপস্থিত হৈ উপযুক্ত ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰে পৰিয়ালৰ লগতে এবিএমছুৱে। অন্যথা মৃতদেহ জানাজা নকৰাৰ সিদ্ধান্ত পৰিয়ালৰ।অৱশ্যে ঘটনাস্থলিত পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকসহ আৰক্ষীৰ দল উপস্থিত থাকে।

পিছত মৃত পৰিয়ালটোৰ ঘৰত উপস্থিত হয় বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক এখন এজাহাৰ দিবলৈ আহ্বান জনাই ঘটনাটোৰ উচিত তদন্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত অৱশেষত মৃতদেহ দুটা জানাজা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়াল তথা স্থানীয় ৰাইজে।

Comments are closed, but trackbacks and pingbacks are open.