Daily Time Axom

দুবছৰৰ অন্তত আজি নাগৰিকত্ব সংশোধনী আইনৰ শুনানি

23

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ আজি হ’ব বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি। ২১৯ খন আবেদনৰ ভিত্তিত শুনানি হ’ব উচ্চতম ন্যায়ালয়ত। কভিড-১৯ ৰ বাবে স্থগিত ৰখা এই শুনানি হ’ব প্ৰায় ২ বছৰ পাছত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন কৰা এখন ৩ জনীয়া বিচাৰপীঠৰ উপস্থিতিত অনুষ্ঠিত হ’ব “কা”ৰ শুনানি। ২০১৯ চনৰ ১২ ডিছেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত বিলৰ পৰা আইনলৈ পৰিৱৰ্তিত হৈছিল কেব।

বহু বিতৰ্কিত এই আইনখন বলৱৎ কৰাৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সংঘটিত হৈছিল সমগ্ৰ দেশত। অসমত আৰম্ভ হোৱা এই আন্দোলন পৰৱৰ্তী কালত সমগ্ৰ দেশতে বিয়পি পৰে।

Comments are closed, but trackbacks and pingbacks are open.