Daily Time Axom

আজিৰে পৰা বিধানসভাৰ শৰৎ কালীন অধিৱেশন

19

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা আজি চৰকাৰী কাৰ্যসূচী অনুসৰি মৃত্যু প্রসংগ, প্রশ্ন শিতানৰ লগতে অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব।

লগতে অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন সূচী।

Comments are closed, but trackbacks and pingbacks are open.