Daily Time Axom

অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ

27

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ অহা ৭ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দলীয় কৰ্মীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। আনহাতে, ৮ অক্টোবৰত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অসমলৈ।
কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব অমিত শ্বাহে। উক্ত দিনাই মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত বিজেপিৰ বশিষ্ঠস্থিত নতুন কাৰ্যালয় মুকলি কৰিব অমিত শ্বাহে। আনহাতে খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব বিজেপিৰ কাৰ্যকৰ্তাৰ বিশাল সন্মিলন।

Comments are closed, but trackbacks and pingbacks are open.