Daily Time Axom

বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

64

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ আন এটা মূল অভিযুক্তক গ্ৰেপ্তাৰ। মৈৰাবাৰীৰ এটা ইটাভাটাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত ছফিকুলক।

নগাঁও আৰু মৰিগাঁও জিলা আৰক্ষীৰ যৌথ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা ইটা ভাটাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ছফিকুল ইছলামক ।

মৈৰাবাৰীৰ আকাশ আলী নামৰ এজন লোকৰ ইটা ভাটাত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা অৱস্থাতে নিশা গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলামক ।

দীৰ্ঘ দিন ধৰি পলাতক অবস্থাত থকা ছফিকুল ইছলামে প্ৰেট্ৰল ঢালি জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা ।

যোৱা ২১ মে’ত বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাত অভিয়ুক্ত কৰা মুঠ ২৫ জন অভিয়ুক্তৰ ভিতৰত বৰ্তমানলৈ ১৩ জনহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে ৷

ইয়াৰ ভিতৰত অন্যতম মুল অভিযুক্ত আছিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গাড়ীৰ চেপাত মৃত্যু হৈছিল ৷

Comments are closed, but trackbacks and pingbacks are open.