টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক পি এম কেয়াৰছ ফাণ্ডৰ অন্যতম ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জনা যায় যে সেই সভাত ৰতন টাটা নিজেই উপস্থিত আছিল। এক বিবৃতিত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পি এম কেয়াৰ ফাণ্ডৰ নতুন ট্ৰাষ্টীসকলৰ নাম ঘোষণা কৰে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ PM Cares Fund ৰ অন্যতম ট্ৰাষ্টী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত ট্ৰাষ্টী ব’ৰ্ডৰ এখন বৈঠকত নতুন ট্ৰাষ্টীসকলৰ নাম ঘোষণা কৰা হয়। পি এম কেয়াৰ ফাণ্ডৰ নতুন ট্ৰাষ্টী হিচাপে ঘোষণা কৰা হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ, প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডা আৰু ৰতন টাটা। সভাত পি এম কেয়াৰ ফাণ্ডৰ বিভিন্ন কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা হয়।
ট্ৰাষ্টে PM CARES ফাণ্ডৰ উপদেষ্টা মণ্ডলী গঠনৰ বাবে প্ৰাক্তন CAG ৰাজীৱ মেহৃষী, ইনফ’ছিছৰ প্ৰাক্তন অধ্যক্ষ সুধামূৰ্থী আৰু ‘টিচ ফৰ ইণ্ডিয়া’ৰ সহ-প্ৰতিষ্ঠাপক আনন্দ শ্বাহকো মনোনীত কৰিছে।
বৈঠকত মোদীয়ে কয় যে নতুন ট্ৰাষ্টী আৰু উপদেষ্টাসকলৰ অংশগ্ৰহণে পিএম কেয়াৰছ ফাণ্ডৰ ফলপ্ৰসূতা বহল কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এই পুঁজিলৈ অনুদান আগবঢ়োৱাৰ বাবে শলাগ লয়। তেওঁ নতুন ট্ৰাষ্টীসকলকো আদৰণি জনায়।
দেশৰ বিভিন্ন প্ৰকাৰে Covid ত আক্ৰান্ত লোকসকলক সহায় কৰিবলৈ ২০২০ চনত এই পুঁজি গঠন কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী PM CARES Fund ৰ সভাপতি। এই পুঁজিলৈ বৃহৎ পৰিমাণৰ ধন দান কৰিলে আয়কৰ ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পি এম কেয়াৰ ফাণ্ডক লৈ বিতৰ্ক কমি অহা নাই। বিৰোধীয়ে দাবী কৰিছে যে পুঁজি চুৰি হৈছে। যদিও প্ৰধানমন্ত্ৰীৰ সচিবালয়ে আজি দাবী কৰিছে, সংকটজনক পৰিস্থিতিত ৪৩৪৫ গৰাকী কিশোৰ-কিশোৰীক এই পুঁজিৰ জৰিয়তে সহায় কৰা হৈছে।