Daily Time Axom

তুলসী পাতৰ ব্যৱহাৰ

0 34

তুলসী এবিধ বনৌষধি। ডেকা-বুঢ়া সকলোৱে চিনি পায়। ইয়াৰ বনৌষধি গুণৰ বিষয়ে বহু লোক সচেতন। তদুপৰি তুলসী এন্টিভাইৰেল বুলিও বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে। ঘৰতে বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ বাবে তুলসী পাতৰ ব্যৱহাৰ বহুতে জানে। তদুপৰি ধুনীয়া ছাল পাবলৈ বিচাৰিলে প্ৰসাধনৰ কামত তুলসী পাত ব্যৱহাৰ কৰিব পাৰে।

তুলসী পাতৰ উপকাৰিতাঃ তুলসী পাতত ১.৩ গ্ৰাম প্ৰটিন থাকে। লগতে উপকাৰী কাৰ্বহাইড্ৰেট থাকে। লগতে এই পাতত কেলচিয়াম, আইৰণ, ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু কেইবাটাও ভিটামিন থাকে। তুলসীৰ পাতত ভিটামিন এ, চি, ই, কে আৰু বি ৬ থাকে। ছালৰ যত্নত এই উপাদানবোৰ অতি উপকাৰী।

১. ঠাণ্ডা সমস্যাৰ পৰা মুক্তি পাবলৈ: শিশুৰ পৰা যিকোনো বয়সৰ লোকৰ চৰ্দি, চৰ্দিৰ বাবে তুলসী পাত অতি উত্তম ঔষধ। শিশুৰ চৰ্দি কাহ হ’লে তুলসী পাতৰ ৰসত আধা চামুচ মৌ মিহলাই কাহ কমি যাব। বুকুত কফ থিতাপি ল’লে ৰাতিপুৱা এগিলাচ পানীত তুলসী পাত, আদা আৰু চাহপাত মিহলাই মৌ-নেমু মিহলাই খালে সকাহ পাব।

ইয়াৰ বাহিৰেও মূৰৰ বিষ কমোৱাত তুলসী চাহ অতি ফলপ্ৰসূ। তুলসী পাত উতলাই গাৰ্গল কৰিলে ডিঙিৰ বিষৰ পৰা উপশম পায়।

২. ব্ৰণৰ সমস্যা দূৰ কৰে: এন্টি-বেক্টেৰিয়েল গুণেৰে সমৃদ্ধ তুলসী পাত ব্ৰণ দূৰ কৰাত ফলপ্ৰসূ। বিভিন্ন অধ্যয়নৰ পৰা ওলাই অহা তথ্য। ব্ৰণৰ অন্যতম কাৰণ হ’ল বেক্টেৰিয়া। তুলসীৰ পাতে আমাৰ ছালখন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। সেইবাবেই ব্ৰণৰ পৰা মুক্তি পাবলৈ সময় নালাগে।

৩. ছালৰ দাগ আঁতৰায়: বহুতে ছালত বিভিন্ন ধৰণৰ দাগ দেখি বিচলিত হয়। তুলসী পাত ব্যৱহাৰ কৰি ক’লা দাগ হোৱা সমস্যা কম কৰিব পাৰি। কাৰণ এই পাতবোৰত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। ই ছালৰ পৰা অশুদ্ধি আঁতৰোৱাৰ কাম কৰে। ফলত ছালখন সহজে উজ্জ্বল হৈ পৰে। ছালৰ যত্নৰ বাবে নিয়মিতভাৱে তুলসী পাত ব্যৱহাৰ কৰিব পাৰি।

৪. ছালৰ আন সমস্যা সমাধান কৰে: ছালৰ বিভিন্ন ধৰণৰ সমস্যা স্থায়ী হৈ থাকে। ধূলি আৰু প্ৰদূষণৰ বাবে ছালখন ৰঙা হৈ পৰিব পাৰে, খজুৱতি হ’ব পাৰে। ই অস্বস্তিও বৃদ্ধি কৰে। এনেবোৰ ক্ষেত্ৰত তুলসী পাত ব্যৱহাৰ কৰিব লাগে। এই পাতৰ প্ৰদাহ নিবাৰণকাৰী গুণে ছালৰ সমস্যা সমাধান কৰাত সহায় কৰে। তুলসী পাতে ছালৰ প্ৰদাহ বা বিৰক্তি কমাবলৈ কাম কৰে।

ছালৰ যত্নত তুলসী পাতৰ ব্যৱহাৰ
শুকান ছালৰ বাবে তুলসী পাতৰ পেষ্ট বা তুলসী পাতৰ গুড়ি খাব লাগে। এতিয়া ইয়াৰ লগত টেঙা দৈ মিহলাই লওক। এতিয়া মিশ্ৰণটো মুখত লগাওক। পোন্ধৰ মিনিট এনেকৈ থৈ দিব।

তেলীয়া ছালৰ বাবে তুলসী পাতৰ পেষ্ট বা তুলসী পাতৰ গুড়ি খাব লাগে। তাৰ লগত গোলাপ পানী মিহলাই লওক। মিশ্ৰণটো মুখত লগাওক। ১৫ মিনিট ৰাখিব আৰু তাৰ পিছত ঠাণ্ডা পানীৰে মুখ ধুব লাগে।

Leave A Reply

Your email address will not be published.