Daily Time Axom

ৰাজ্যিক কেবিনেটঃ চাহ বাগিচাৰ শ্ৰমিকসকললৈ পূজা বোনাচ, মাইক্ৰ’ফাইনেন্স ঋণ ধাৰকসকললৈ সকাহ প্ৰদান

25

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

অসম চাহ নিগম লিমিটেডলৈ ইয়াৰ কৰ্মচাৰী–শ্ৰমিকক দুৰ্গা পূজাৰ বোনাছ প্ৰদানৰ বাবে ১৮.০২ কোটি টকা মুকলি কৰা হয়।

অক্টোবৰ ২০২২ৰ ভিতৰত ঋণদাতাসকলক অতিৰিক্ত পৰিমাণৰ ব্যৱস্থা অন্তৰ্ভুক্তিৰে প্ৰায় ১.০৭ লাখ হিতাধিকাৰীক সামৰি ল’ব আৰু ডিচেম্বৰ ২০২২ৰ ভিতৰত জিলা অনুসৰি হিতাধিকাৰীসকলক উদগনি ৰাশি প্ৰদান কৰা হ’ব।

আনহাতে, ২০২২–২৩ শৈক্ষিক বৰ্ষৰ পৰা অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয়ৰ অনুসূচী–৩ (প্ৰথম বৰ্ষৰ MBBS/BDS) পাঠ্যক্ৰমত নামভৰ্তিৰ নিয়মাৱলী) নিয়ম ২০১৭ আৰু (সংশোধনী) নিয়মাৱলী, ২০২১ সংশোধন। অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত ছটা সম্প্ৰদায়ৰ ২খনকৈ আসন বৃদ্ধি। প্ৰাক্তন কৰ্মচাৰীৰ শাখাত বিডিএছ পাঠ্যক্ৰমত ৩খন আসন সংৰক্ষিত কৰা হ’ব।

Comments are closed, but trackbacks and pingbacks are open.