Daily Time Axom

আজি নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি দিবস উদযাপন

0 24

ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ২৪ ছেপ্টেম্বৰ তাৰিখে উলহ-মালহেৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস। মহাবিদ্যালয় প্ৰাংগনত চাফাই অভিযান আৰু গছ পুলি ৰোপনেৰে প্ৰাৰম্ভিক কাৰ্যসূচী সম্পাদন কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠিত কৰা পুনৰ বিন্যাস কাৰ্যসূচীত এগছি বন্তি প্ৰজ্বলনেৰে ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস উদযাপনৰ’ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈয়ে। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড° ৰিমঝিম বৰাই আদৰণি ভাষণত এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে সামাজিক কাৰ্যাৱলীৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক ব্যক্তিত্ব বিকাশত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভূমিকা অপৰিসীম। অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে থাকে নাজিৰা মহকুমাৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক ড০ নাছিৰুদ্দিন আহমেদ আৰু নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত তন্ময় চেতিয়া। মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰীণা সন্দিকৈ, ড০ নাছিৰুদ্দিন আহমেদ আৰু তন্ময় চেতিয়াই ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গুৰুত্ত্ব অনুধাৱন কৰি, সমাজলৈ অৰিহণা আগবঢ়োৱাৰ লগতে সাম্প্ৰতিক সময়ত যুব প্ৰজন্মৰ সবলীকৰণৰ বাবে যুব ছাত্ৰ-ছাত্ৰী সকলে কেনেধৰণেৰে জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে।ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে নৃত্য -গীত- বাদ্যৰ সমন্বয়েৰে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সদস্য বিশ্বজিৎ দত্ত আৰু ৰাজশ্ৰী গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত অধ্যাপক ড° বিদ্যানন্দ বৰকাকতী, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ সুৰক্ষিত শইকীয়া, গ্ৰাম্য উন্নয়ন বিভাগৰ অধ্যাপক প্ৰজ্ঞা জ্যোতি বৰুৱাকে প্ৰমুখ্যে কৰি মহাবিদ্যালয়ৰ বহুকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী তথা প্ৰায় তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰী তথা স্বেচ্ছাসেৱক -স্বেচ্ছাসেৱিকাই
অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই ড০ৰিমঝিম বৰাই।

নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.