Daily Time Axom

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী

44

নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি ২ অক্টোবৰ। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰ দিনটোক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰিছিল।

আজিৰ এই গান্ধী জয়ন্তীত দেশৰ প্ৰত্যেকগৰাকী নাগৰিকে জাতিৰ পিতা গৰাকীক স্মৰণ কৰিছে।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে জাতিৰ পিতাক স্মৰণ কৰি এইদৰে কয়-“বাপুৰ আদৰ্শৰ সৈতে আমি সদায় জীয়াই থাকিব লাগিব। মই আপোনালোক সকলোকে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো।”

Comments are closed, but trackbacks and pingbacks are open.