Daily Time Axom

বর্ষাপাৰাৰ ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCL ৰ স্পষ্টীকৰণ

45

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল খনৰ সময়ত ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCLএ স্পষ্টীকৰণ দাঙি ধৰে।

সেই ঘটনাৰ বাবে বহু লোকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক জগৰীয়া কৰিছিল। কিন্তু সেই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ ফালৰ পৰা স্পষ্টীকৰণ দাঙি ধৰে।

এই কাৰ্যৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড দায়ী নহয়। কালিৰ খেলখনত কোনো ধৰণৰ ব্যাহত নোহোৱাকৈ শক্তি বিভাগে বিদ্যুতৰ যোগান ধৰিছিল।

হাই মাষ্ট ফ্লাড লাইট বন্ধ হোৱাৰ কাৰণ কোনো বিসংগতিহে। কেইমিনিটমানৰ বাবে বন্ধ হৈ পৰা সেই লাইট ত্ৰুটিৰ বাবেই হৈছিল। যিটো অসম ক্ৰিকেট এছ’চিয়েচনৰ ভিতৰত আছে।

Comments are closed, but trackbacks and pingbacks are open.