Daily Time Axom

উদ্ধাৰ হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ

50

নিউজ ডেস্ক, ৮ অক্টোবৰঃ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা। দীপশিখাৰ লগতে আন ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল’বলৈ উত্তৰাখণ্ডলৈ গৈছিল দীপশিখা। কিন্তু হঠাৎ অহা হিমস্খলনৰ ফলত সংঘটিত হৈছিল এই ঘটনা।মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ’ব মৃতদেহ। এতিয়াও উদ্ধাৰ হোৱা নাই ৩ জন লোকৰ মৃতদেহ।

Comments are closed, but trackbacks and pingbacks are open.