Daily Time Axom

আপকুৰ দ্বাদশ দ্বিবাৰ্ষিক সোণাৰি অধিৱেশন

0 9

ডিজিটেল ডেস্কঃ সোণাৰিত ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে মফচলীয় সাংবাদিকৰ অন্যতম বৃহৎ মঞ্চ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন।আপকু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অধিবেশনখনৰ ২০১৯ চনতে দিন স্থিৰ কৰিছিল যদিও ৰাজ্যৰ পৰিস্থিতি তথা কৰোণা ত্ৰাসৰ বাবে পিছুৱাই দিয়া হৈছিল।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনখনত আপকুৰ সভাপতি মনোজ সিং আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মানিক গগৈয়ে আপকুৰ পতাকা আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে।ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে আপকুৰ সম্পাদক হেমন্ত কুমাৰ শইকীয়া আৰু কাৰ্যকৰী সভাপতি মৌচুমজ্যোতি বৈশ্যই।ইয়াৰ লগতে সন্ত্ৰাসবাদী , আততায়ী , সংঘৰ্ষ আৰু নিৰুদ্দেশ হৈ নিহত হোৱা সাংবাদিকসকলক শ্ৰৰ্দ্ধাঞ্জলী জনাই। উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী সময়ত আপকুৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ।

Leave A Reply

Your email address will not be published.