Daily Time Axom

নাজিৰাৰ মেকীপুৰ চাহ বাগিচাৰ খাৱৈত মুণ্ডহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

0 40

শাৰদীয় দূৰ্গোৎসৱ আৰু লক্ষ্মী পূজাৰ আনন্দোল্লাস শেষ নৌহওতেই আজি নাজিৰাৰ মেকীপুৰ চাহ বাগিচাৰ মাজৰ এটা দ’ খাৱৈত মুণ্ডহীন অৰ্ধগলিত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা মৰ্মে দূৰ্গোৎসৱৰ পিছত আজি মেকীপুৰ চাহ বাগিচাত কাম কৰি থকাৰ সময়তে এজন শ্ৰমিকে খাৱৈটোৰ জোঁৱলীত এটা বস্তাত ভৰাই থোৱা অৱস্থাত এখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰে । শ্ৰমিক জনে লগে লগে বাগিচাৰ মেনেজাৰ আৰু চাহ জনগোষ্ঠী সংগঠনৰ কৰ্মীক অৱগত কৰে আৰু ঘটনাৰ বিষয়ে নাজিৰা মহকুমা প্ৰশাসন আৰু আদৰ্শ আৰক্ষী থানালৈ খবৰ দিয়ে । প্ৰশাসনৰ এজন দণ্ডাধীশ আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । দণ্ডাধীশৰ নিৰ্দেশত আৰক্ষী আৰু শ্ৰমিকে মৃতদেহটো খাৱৈৰ পৰা উঠাই অনাত মৃতদেহটোৰ সোঁহাত আৰু মুণ্ডহীন অৱস্থাত প্ৰত্যক্ষ হোৱাত কোনো দূৰ্বৃত্তই লোকজনক অতি নৃশংস ভাৱে হত্যা কৰি বস্তাত ভৰাই বাগিচাৰ মাজৰ খাৱৈত পেলাই থৈ যোৱাটো নিশ্চিত হয় । জিঞ্চ পেণ্ট পৰিহীত মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Leave A Reply

Your email address will not be published.