Daily Time Axom

আজি ভাৰতৰত্ন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন

40

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ আজি ভাৰতীয় বিজ্ঞানী, প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন৷ ১৯৩১ চনৰ ১৫ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল। ড° এ পি জে আব্দুল কালাম ভাৰতৰ একাদশ সংখ্যক ৰাষ্ট্ৰপতি আছিল৷ভাৰতৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ আদি বিভিন্ন সন্মানেৰে সন্মানীত কৰা হৈছিল ড০ এ পি জে আব্দুল কালামক৷ ‘মিছন ইণ্ডিয়া’ ভাৰতৰত্নগৰাকীৰ আছিল উল্লেখযোগ্য গ্ৰন্থ৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ২০১৫ চনৰ ২৭ জুলাইত মৃত্যু হৈছিল ছিলঙত ৷

Comments are closed, but trackbacks and pingbacks are open.