নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ৰঙিয়া আৰক্ষীৰ জালত পাঁচটাকৈ গভাইত চোৰ। ৰঙিয়া থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ৰঙিয়াৰ নিকটৱৰ্টী ধুহিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে এই পাঁচ গভাইত চোৰক।
চোৰ কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন AS14K0752 নম্বৰৰ গ্লেমাৰ বাইকসহ দুখন নম্বৰ প্লেট বিহীন বাইক।
ইয়াৰোপৰি দুখন চাইকেল, দুটা চিলিণ্ডাৰ, এটা দমকলৰ মটৰ আৰু তিনিটাকৈ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
গভাইত চোৰকেইটা ক্ৰমে ৰমিজ ৰজক, ইনামুল আলী, হাবিবুৰ ৰহমান, ইছমাইল আলী আৰু জালনুৰ আলী। চোৰকেইটাই দীৰ্ঘদিনে ৰঙিয়াৰ লগতে ইয়াৰ সমীপৱৰ্তী বিভিন্ন ঠাইত চুৰি কাৰ্য কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰপিছতেই আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰ কেইটাক সোধপোচ অব্যাহত ৰাখিছে।
Comments are closed, but trackbacks and pingbacks are open.