Daily Time Axom

৭০০ টকা ঘোচ লৈ জালত পৰা দিতিমণি গগৈৰ ফ্লেটত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা

40

নিউজ ডেস্ক, ২০ অক্টোবৰঃ ৭০০ টকা ঘোচ লৈ জালত পৰা দিতিমণি গগৈৰ ফ্লেটত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা। ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ফ্লেটত নিশা আৰক্ষীয়ে চলায় তালাচী। পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা উদয়পুৰ ফ্লেটলৈ আনি আৰক্ষীয়ে চলায় তালাচী। আৰক্ষীৰ তালাচীত বহু পৰিমাণৰ ধন জব্দ হয়। তদন্তকাৰী দলে দিতিমণি গগৈৰ বাসগৃহত তালাচী চলাই মুঠ ৯ লাখ ৩০ হাজাৰ টকা জব্দ কৰে। আনহাতে পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰে অভিযানকাৰী দলে।

Comments are closed, but trackbacks and pingbacks are open.