নিউজ ডেস্ক, ২১ অক্টোবৰঃ বৃহস্পতিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে নিজ পদৰ পৰা পদত্যাগ কৰে। দেশখনৰ শোচনীয় অৰ্থনৈতিক অৱস্থাৰ মাজতেই নতুনকৈ শপতগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে দেশখনক এতিয়া সংকটত পেলাইছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মাত্ৰ ৪৫ দিনৰ পাছতেই লিজ ট্ৰাছে পদত্যাগ পত্ৰ দি আটাইতকৈ কম সময়ৰ বাবে থকা প্ৰধানমন্ত্ৰী হিচাবে বিবেচিত হয়। তেওঁৰ অৰ্থনৈতিক কাৰ্যসূচীয়ে ব্ৰিটেইনৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিছিল আৰু কনজাৰ্ভেটিভ পাৰ্টীৰ বহুতে তেওঁৰ পদত্যাগ দাবী কৰিছিল।
ইয়াৰ পাছতেই, ভাৰতীয়-আমেৰিকান চুৱেলা ব্ৰেভাৰমেনেও ব্ৰিটেইনৰ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰে। যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে ১০ ডাউনিং ষ্ট্ৰীটত কাৰ্যভাৰ গ্ৰহণ কৰিছিল তেতিয়া ব্ৰেভাৰমেনক ৪৩ দিন পূৰ্বে গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।
Comments are closed, but trackbacks and pingbacks are open.