ভাৰতে লাভ কৰিলে UNSC ৰ অস্থায়ী সদস্য পদ
ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ আৰম্ভণিতে ভাৰতে লাভ কৰিলে United Nations Security council চমুকৈ UNSC ৰ সদস্য পদ । ভাৰতে অষ্টম বাৰৰ বাবে লাভ কৰিছে এই অস্থায়ী সদস্যপদ । সমগ্ৰ বিশ্বৰ শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰাক মুল কাৰ্য লৈ আগবঢ়া UNSC ৰ গুৰুত্বপূৰ্ণ দায়িত্বভাৰ ভাৰতে ২ বছৰৰ বাবে লাভ কৰিছে।ভাৰতৰ সমান্তৰলকৈ আৰু চাৰিখন দেশ মেক্সিকো ,কেন্যা, আয়াৰলেণ্ড আৰু নৰ্ৱে এই সদস্যপদ লাভ কৰিছে।ভাৰতৰ UNSC ৰ ৰাজদূত টি এছ ত্ৰিমূৰ্তিয়ে এই সম্পৰ্কে মন্তব্য আগবঢ়াইছে।এই দুবছৰীয়া কাৰ্যকালত ভাৰতে সন্ত্ৰাসবাদীক উচতনি দিয়া সকলৰ মুখা খুলি বিশ্বৰ সন্মুখলৈ উলিয়াই আনিব বুলি মন্তব্য কৰে। আৰু ইয়াৰ বাহিৰেও ভাৰতৰ লক্ষ্য আফগানিস্তানৰ শান্তি বাহাল ৰখাৰ চেষ্টাত থাকিব। আৰু ইয়াৰ লগতে তেখেতে কয় যে ভাৰতে UNSC ৰ বাবে তিব্ৰতাৰে কাম কৰিব আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ অভিযান অব্যাহত থাকিব।