Daily Time Axom

আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব দেশৰ সৰ্ববৃহৎ নিযুক্তি মেলা

39

নিউজ ডেস্ক, ২২ অক্টোবৰঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰি দেশৰ সৰ্ববৃহৎ নিযুক্তি মেলাৰ শুভ উদ্বোধন কৰিব। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ১০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজিৰ কাৰ্যসূচীত মুঠ ৭৫ হাজাৰ লোকক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পুৱা ১১ বজাত এই মেলাৰ শুভা উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব। এই অভিযানৰ উদ্দেশ্য এয়ে যে ১৮ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো খালী পদ পূৰণ কৰা। প্ৰধানমন্ত্ৰী মোডীয়ে এই বছৰৰ জুন মাহত খালী পদসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ পৰিৱৰ্তে পৰৱৰ্তী সময়ত বাকী থকা যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

Comments are closed, but trackbacks and pingbacks are open.