আজি শিঙাৰীস্থিত নয়াবস্তী প্ৰাথমিক বিদ্যালয়ত বৃত্তি পৰীক্ষাৰ ২০১৬/১৭ বৰ্ষৰ নয়াবস্তী প্ৰাথমিক বিদ্যালয়ত পঞ্চম মান শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ চেক সমূহ বিতৰণ কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইছমাইল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চাৰিজন ছাত্ৰ ছাত্ৰীক চেক বিতৰণ কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বে আজি ৫বছৰ ধৰি এই চেক সমূহৰ বিতৰণ নকৰাত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে বিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। তাৰ পাছতেই গা লৰিল বিদ্যালয় কতৃপক্ষৰ। এই অনুষ্ঠানত CRCC আবুল কালামৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।