Daily Time Axom

মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড,গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক

83

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক। চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি। প্ৰতীক্ষা হাস্পতালৰ সমীপৰ 77 নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হৈছে এই কাণ্ড। হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত নিশাই আটক কৰে সুভাষ বসুমতাৰীক।

নিশা ৰেষ্টুৰেণ্টৰ মালিক আৰু এজন বন্ধুৰ সৈতে বহি আছিল খঞ্জিত। সুভাষ বসুমতাৰীৰ মাতৃয়ে খঞ্জিতৰ পৰা পাবলৈ আছিল ৪ হাজাৰ টকা। টকা বিচৰাৰ সময়তে সুভাষৰ সৈতে বাক-বিতণ্ডা হৈছিল মালিকৰ। বাক-বিতণ্ডাত বাধা দিওঁতেই সুভাষে খঞ্জিতক হত্যা কৰা বুলি প্ৰকাশ কৰে। একাংশ লোকৰ মতে সুভাষ নিচাসক্ত অৱস্থাত থকাৰ অভিযোগ।
সুৰাপান কৰোৱাই খঞ্জিতক ৰেষ্টুৰেণ্টখনত পৰিকল্পিত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। GNRCত খঞ্জিতক মৃত ঘোষণা কৰে চিকিৎসকে। সুভাষ বসুমতাৰীক আটক কৰি তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.