নিউজ ডেস্ক, ২৫ অক্টোবৰঃ আজিৰে পৰা সম্প্ৰচাৰ নহ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আঞ্চলিক বাতৰি। ইয়াৰ পৰিৱৰ্তে এই বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰাহে ৰিলে কৰা হ’ব। ফলত ইতিহাস হৈ পৰিব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা বন্ধ হৈ যাব। ১৯৬৯ চনতে প্ৰতিষ্ঠা হৈছিল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ।
প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। ইয়াৰপিছতেই প্ৰসাৰ ভাৰতীৰ এই নিৰ্দেশনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.