Daily Time Axom

ইটোৰ পিছত সিটোকৈ ৰকেট নিক্ষেপ

0 37

মহাৰাষ্ট্ৰৰ থানে অঞ্চলত সংঘটিত হৈছে এটা ঘটনা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই অভিযুক্তক। এই অদ্ভুত ঘটনাৰ এটা ভিডিঅ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। ইয়াৰ পিছত আৰক্ষীয়ে এই ব্যক্তিজনক বিচাৰি আছে। থানে জিলাৰ উলহসনগৰ চহৰত সংঘটিত হৈছে এই ঘটনা। ভিডিঅ’টোত বহুমহলীয়া অট্টালিকাটোৰ সন্মুখত হাতত বাকচ লৈ থিয় হৈ আছে লোকজনে। তাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে বাকচৰ পৰা এটা এটাকৈ ৰকেট উৰি গৈ আছে ওখ খিৰিকী বা বেলকনিলৈ।
ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৮৫, ২৮৬, ৩৩৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আনৰ জীৱন বিপন্ন কৰাৰ অভিযোগত উলহাসনগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। প্ৰসংগক্ৰমে দীপাৱলীৰ সময়ত থানে অঞ্চলত বাজি ধৰাৰ বাবে ১১টা অগ্নিকাণ্ড সংঘটিত হয়। ১৬টা ফোন আহিল অগ্নিনিৰ্বাপক বাহিনীৰ লোকক। ইয়াৰে ১১টা ঘটনা সংঘটিত হৈছে ষ্টেকৰ পৰা জুই। দীপাৱলীৰ পূৰ্বে নিষিদ্ধ বাজি জ্বলোৱাৰ ক্ষেত্ৰত যথেষ্ট সজাগ আছিল আৰক্ষী। ইয়াৰ পিছতো ইমানবোৰ ষ্টেক কেনেকৈ জ্বলাই দিয়া হ’ল তাক লৈও তদন্ত অব্যাহত আছে কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.